মিতভাষ (Mitabhash)

Item Icon
Reading ModePrint
No ratings.
by jatinboraMail Icon
Rated: E · Poetry · Friendship · #2156953

তুমি দিয়া ফটোখন

মিতভাষ ১:
তুমি দিয়া ফটোখন মই বৰ সযতনে ৰাখিছিলোঁ। ই যে তোমাৰ প্ৰথম উপহাৰ। তুমি গুচি গ'লা। চিৰদিনৰ বাবে।সংগোপনে। দুখৰ বাঢ়নী পানীয়ে মথাউৰি ভাঙি মোৰ পথাৰত একাঠুৰ বালি পেলোৱাৰ দিনাখন তোমাৰ ফটোখন দলিয়াই দিব বিচাৰিছিলোঁ। নোৱাৰিলোঁ। পুৰণা আলমিৰা এটাৰ চুকতে তোমাক থলোঁ। সময় পালে মাজে মাজে চাওঁ। তোমাৰ ফটোখনে মোৰ ওঁঠত এতিয়াও কঁপনি তোলে। ঠিক আগৰদৰেই। কালি ঘৰ পুৰা জুইয়ে তোমাৰ ফটোখনো পুৰিলে। গোটেই বেলাটো উঁচুপিলোঁ। দুপৰীয়া চিল মিল টোপনিত তোমাক দেখিলোঁ। বুকুখন মোহাৰি চালোঁ। ক'তা তোমাৰ ফটোখনত দাগ এটাও পৰা নাই। সেই একেই হাঁহি, একেই বৈ পৰা চুলি, মোৰ বুকুৰ ভিতৰত।
© Copyright 2018 JATIN (jatinbora at Writing.Com). All rights reserved.
Writing.Com, its affiliates and syndicates have been granted non-exclusive rights to display this work.